Assamese Kabita

HS 1st Year অসমীয়া প্ৰশ্ন

প্ৰশ্ন: উত্তম, মধ্যম আৰু অধম মন্ত্ৰ কাক বোলা হয়? ৰাজকাৰ্য পৰিচালনা কৰোতে কোনবিধ মন্ত্ৰ ব্যৱহাৰ কৰা হয়?
উঃ ৰাজসভাৰ কোনো এজন দক্ষ বা বিচক্ষণ মন্ত্ৰীয়ে দিহা সু-পৰামৰ্শ বা মন্ত্ৰণাৰতে যদি সিদ্ধান্ত লোৱা হয়, তাক উত্তম মন্ত্ৰ; কেইবাজনো মন্ত্ৰীৰ সন্মতি সাপেক্ষে যি সিদ্ধান্ত লোৱা হয় তাক মধ্যম মন্ত্ৰ; আৰু যিয়ে কোনো সিদ্ধান্ত দিবলৈ সাহস নকৰে বা পৰামৰ্শ দিয়াৰ পৰা আঁতৰি থাকি ভাগ্য বা বিধাতাৰ ওপৰত ভৰসা কৰি বহি থাকে, তাক অধম মন্ত্ৰ বোলা হৈছে।
ৰাজকাৰ্য পৰিচালনা কৰোতে মধ্যম মন্ত্ৰ ব্যৱহাৰ কৰা হয়।
দীঘল প্ৰশ্ন:
1. বিভীষণে ৰাজসভালৈ গৈ ৰাৱণক কি কি সৎ উপদেশ দিছিল?
উঃ ৰাৱণৰ ভ্ৰাতৃ আছিল যদিও বিভীষণ আছিল ৰামৰ একান্ত ভক্ত। ৰামৰ হাতত ৰাৱণৰ পৰাজয় যে নিশ্চিত, সেই কথা তেওঁ জানিছিল। তথাপিও ভ্ৰাতৃৰ অনুৰোধ ৰক্ষা কৰি বিভীষণ ৰাজসভালৈ গৈছিল আৰু ৰাৱণক কিছুমান সু-পৰামৰ্শ দিছিল।
ৰাৱণক বিভীষণে ৰামচন্দ্ৰৰ মহিমা আৰু বান্দৰ সেনাৰ পৰাক্ৰমৰ কথা সোঁৱৰাই দিছিল। হনুমানে কিদৰে সহস্ৰ পথ অতিক্ৰম কৰি, সাগৰ পাৰ হৈ লঙ্কাত প্ৰৱেশ কৰিলে, নিৰ্ভয় মনে সমগ্ৰ লঙ্কাৰ ঘৰে ঘৰে ফুৰিলে, সীতাৰ দৰ্শন কৰিলে আৰু নাগপাশৰ পৰা মুক্ত হৈ নেজত লগাই দিয়া জুইৰে গোটেই লঙ্কানগৰী জ্বলাই ছাৰখাৰ কৰিলে। এই আটাইবোৰ কথা বিভীষণে ৰাৱণক সোঁৱৰাই দিছিল। ৰাজতন্ত্ৰৰ তিনিটা বিধি - উত্তম, মধ্যম আৰু অধম মন্ত্ৰৰ ব্যাখ্যা কৰি বিভীষণে ৰাৱণক কৈছিল যে ৰাজ্যৰ সংকটৰ সময়ত ইয়াৰ যিকোনো এটা মন্ত্ৰ ৰাৱণে গ্ৰহণ কৰা উচিত। বিভীষণে আৰু কৈছিল যে ৰামচন্দ্ৰ হ'ল তপস্বী আৰু অৱতাৰী পুৰুষ, লঙ্কা উচ্ছন্ন কৰি সীতাক উদ্ধাৰ কৰি নিয়াত কোনেও বাধা দিব নোৱাৰে। জগতত ধৰ্মৰ জয়ে অনিবাৰ্য। এনেদৰে বিভীষণে বিনাযুদ্ধে সীতাক ৰামৰ হাতত গতাই দিবৰ বাবে ৰাৱণক পৰামৰ্শ দিছিল।
2. মাধৱ কন্দলিৰ কাব্যিক প্ৰতিভা কবিতাটিৰ মাজেৰে কেনেদৰে প্ৰকাশ পাইছে বৰ্ণাই লিখা।
উঃ মাধৱ কন্দলি প্ৰাক্‌-শংকৰী যুগৰ শ্ৰেষ্ঠ কবি। তেওঁৰ কাব্যিক প্ৰতিভা অতুলনীয়। সেয়ে শংকৰদেৱে তেওঁক অপ্ৰমাদী কবি বুলি অভিহিত কৰিছিল। 'ৰাৱণক বিভীষণৰ সৎ উপদেশ' কাব্যাংশৰ যোগেদি তেওঁৰ কাব্যিক প্ৰতিভা সুন্দৰকৈ প্ৰকাশ পাইছে।
মাধৱ কন্দলিয়ে বাল্মীকি ৰামায়ণৰ মূল ভাৱটো গ্ৰহণ কৰি অসমীয়াত তাক ৰূপ প্ৰদান কৰিছে। অনুবাদ কৰোতে পাঠকৰ ৰুচি আৰু সৌন্দৰ্য এই দুটা কথালে সততে দৃষ্টি ৰাখিছে।
পৰিবেশ শ্ৰ বা অৱস্থা চিত্ৰণত কন্দলিয়ে দক্ষতা প্ৰকাশ কৰিছে। আলোচ্য কবিতাংশত বিভীষণৰ চৰিত্ৰ চিত্ৰণ, বিভীষণৰ মুখে প্ৰকাশ কৰোৱা হনুমানৰ লঙ্কাপুৰীত কৰা কাৰ্যৰ বিৱৰণ, পাত্ৰ-মন্ত্ৰী সকলৰ ৰাৱণৰ প্ৰতি উপদেশ আদিৰ বৰ্ণনাত কন্দলিয়ে কৃতিত্ব প্ৰদৰ্শন কৰিছে।
ইয়াৰ উপৰিও শব্দ প্ৰয়োগ, উপমা আদি অলংকাৰ আৰু বিশেষণৰ প্ৰয়োগৰ বিশিষ্ট্যও মন কৰিবলগীয়া। যেনে 'ৰাঘৱ মুনিস যেন জগত বিদিত' আদি উপমা আৰু 'গহীন গম্ভীৰ ধীৰ বীৰ বিভীষণ', 'তপৰন্তু ৰাম' আদি বিশেষণৰ প্ৰয়োগেও কন্দলিৰ কাব্যিক দক্ষতাৰ নিদৰ্শন দাঙি ধৰিছে।
3. বিভীষণৰ উপদেশ শুনাৰ পিছত ৰাজসভাত থকা পাত্ৰ মন্ত্ৰীসকলে ৰাৱণক কেনে ধৰণৰ উপদেশ দিছিল?
উঃ লঙ্কাধিপতি ৰাৱণক শ্ৰীৰামচন্দ্ৰৰ সৈতে যুদ্ধ কৰাৰ পৰা বিৰত থাকি নিজৰ লগতে পৰিয়াল তথা লঙ্কা নগৰীক ধ্বংস কৰাৰ পৰা বিৰত থাকিবলৈ বিভীষণে পৰামৰ্শ দিছিল।
কিন্তু বিভীষণৰ সৎ উপদেশ শুনি দাম্ভিক ৰাৱণে সীতা লক্ষ্মীস্বৰূপা আৰু শ্ৰীৰামচন্দ্ৰ স্বয়ং বিষ্ণুৰ অৱতাৰ বুলি জানিও সীতাক বিনাযুদ্ধে এৰি নিদিয়ে বুলি ব্যক্ত কৰিছিল। আনকি ৰামৰ হাতত ৰাৱণৰ মৃত্যু হ'ব বুলিও জানিও তেওঁতে নিজে আশংকা প্ৰকাশ কৰিছে।
4. সীতাক উদ্ধাৰ কৰিবৰ বাবে ৰাৱণক ৰামে কাৰ সহায় লৈছিল আৰু কেনেকৈ সাগৰ পাৰ হৈ সীতাক উদ্ধাৰ কৰিছিল?
উঃ লঙ্কাধিপতি ৰাৱণে সীতাক হৰণ কৰি লঙ্কালৈ নিয়াৰ পিছত সীতা উদ্ধাৰ অভিযানত ৰামে বায়ু পুত্ৰ হনুমান আৰু আন বান্দৰ সেনা সকলৰ সহায় লৈছিল।
ৰামচন্দ্ৰৰ একান্ত জে হনুমানে বান্দৰ সেনাপতি নীল, বানৰাজ বালীৰ ভায়েক সুগ্ৰীৱ আৰু বালীৰ পুত্ৰ আদিয়ে আৰু বান্দৰ সেনাক লগত লৈ সাগৰত সেতু বান্ধি, ৰামচন্দ্ৰক লঙ্কালৈ যোৱাত সহায় কৰিছিল। তাৰ পূৰ্বে সীতাৰ সন্ধান কৰিবৰ বাবে হনুমানে জঁপ মাৰি সাগৰ পাৰ হৈ লঙ্কাত প্ৰৱেশ কৰিছিল। হনুমানৰ বিৰাটাকাৰ শৰীৰটো সংকুচিত কৰি এটা মেকুৰীৰ ৰূপ ধৰি গোটেই লঙ্কা নগৰীৰ ঘৰে ঘৰে ফুৰি সীতাৰ সন্ধান কৰিছিল। অৱশেষত হনুমানে সীতাৰ দৰ্শন কৰিবলৈ সক্ষম হ'ল। পিছত ৰাম ৰাৱণৰ যুদ্ধত হনুমান আৰু আন বান্দৰ সেনাসকলে প্ৰবল পৰাক্ৰমে যুঁজ দি ৰাৱণক পৰাস্ত কৰি সীতাক উদ্ধাৰ কৰাত সহায় কৰিছিল।
5. কবিতাটিৰ মাজেৰে প্ৰকাশিত হোৱা বিভীষণৰ চৰিত্ৰটি বিশ্লেষণ কৰা।
উঃ কবিতাটোত প্ৰকাশ হোৱা অনুসৰি বিভীষণ আছিল এজন গহীন-গম্ভীৰ, ধীৰ-শান্ত আৰু ধৰ্ম পৰায়ণ ব্যক্তি। ৰাক্ষস তথা অত্যাচাৰী ৰজা ৰাৱণৰ ভায়েক যদিও বিভীষণ আছিল এজন প্ৰকৃত বিষ্ণুভক্ত। ন্যায়পৰায়ণ, বিশ্বাসযোগ্য, প্ৰবুদ্ধ আৰু সত্যনিষ্ঠ - এই গুণসমূহ আছিল বিভীষণৰ চাৰিত্ৰিক বৈশিষ্ট্য। যাৰ বাবে ৰামচন্দ্ৰই তেওঁক গভীৰ বিশ্বাসত লৈছিল। সীতাক হৰণ কৰি নিয়া অন্যায়ৰ বিৰুদ্ধে তেওঁ থিয় দিছিল আৰু ৰাজসভালৈ গৈ ৰাৱণক কিছুমান সৎ উপদেশ দিছিল। গতিকে কব পাৰি যে বিভীষণৰ চৰিত্ৰ আছিল ৰাৱণৰ সম্পূৰ্ণ বিপৰীত।
ৰাৱণৰ শ্ৰুত যুদ্ধদেহী মনোৱৰ দৃঢ়তা শুনি পাত্ৰ-মন্ত্ৰী সকলে ৰাৱণক কলে যে হনুমানে লঙ্কা নগৰীৰ ওপৰত চলোৱা সন্ত্ৰাসৰ কথা এতিয়া দুঃস্বপ্ন বুলি মনৰ পৰা আঁতৰাই পঠাব লাগে। তেওঁলোকে সচকিত মনে নথকাৰ বাবেহে হনুমানে প্ৰৱেশ কৰি লঙ্কা নগৰী দাহ কৰিব পাৰিলে। কিন্তু এতিয়া তেওঁলোক সকলো সাৱধান হৈ আছে। লঙ্কানগৰী অজ্জ্বল, সৈন্য সামন্তৰে ভৰি আছে। গতিকে সাধাৰণ মনুষ্য স্বৰূপ ৰামচন্দ্ৰই তেওঁলোকৰ একো হানি কৰিব নোৱাৰে। সেয়ে সাধাৰণ মনুষ্য ৰামলৈ যে শংকা নকৰিবলৈ পাত্ৰ মন্ত্ৰী সকলে ৰাৱণক উপদেশ দিছে।
অতিৰিক্ত প্ৰশ্নোত্তৰ:
1. মাধৱ কন্দলি কোন যুগৰ শ্ৰেষ্ঠ কবি?
উঃ প্ৰাক্‌-শংকৰী যুগৰ।
2. অপ্ৰমাদী বা ভ্ৰান্তিহীন কবি কোন? তেওঁক কোনে অপ্ৰমাদী কবি আখ্যা দিছিল?
উঃ মাধৱ কন্দলি।
3. বিভীষণ কোন? তেওঁৰ দুটা চাৰিত্ৰিক বৈশিষ্ট্য লিখা।
উঃ বিভীষণ লঙ্কাৰ ৰজা ৰাৱণৰ ভ্ৰাতৃ।
তেওঁৰ দুটা চাৰিত্ৰিক বৈশিষ্ট্য -
ক) তেওঁ কথন আৰু চলনত ধীৰ গম্ভীৰ আছিল।
খ) তেওঁ সত্যনিষ্ঠ, ন্যায় পৰায়ণ আৰু ধাৰ্মিক আছিল।
4. ৰাৱণক বিভীষণে দিয়া দুটা উপদেশ লিখা।
উঃ
ক) ৰাজ্যৰ সংকটৰ সময়ত ৰাজসভাৰ বিচক্ষণ পাত্ৰ-মন্ত্ৰীসকলৰ উপদেশ অনুসৰি উত্তম, মধ্যম মন্ত্ৰ আদি প্ৰয়োগ কৰিবলৈ ৰাৱণক উপদেশ দিছিল।
খ) ৰাম এজন অৱতাৰী পুৰুষ, তাৰোপৰি হনুমান আৰু আন বান্দৰ সেনাৰ পৰাক্ৰম অসীম। গতিকে তেওঁলোকৰ