Assamese Kabita

আধুনিকতাই বাৰু মানুহৰ মাজত মানৱতা নোহোৱা কৰি দিছে নেকি?

আধুনিকতাই বাৰু মানুহৰ মাজত মানৱতা নোহোৱা কৰি দিছে নেকি?


আধুনিকতা আৰু মানৱতাৰ মাজৰ সম্পৰ্কটো অত্যন্ত জটিল। বৰ্তমান একবিংশ শতিকাত থিয় হৈ যেতিয়া আমি আমাৰ চৌপাশৰ সমাজখনলৈ লক্ষ্য কৰোঁ, তেতিয়া এই প্ৰশ্নটো স্বাভাৱিকতে মনলৈ আহে যে—আধুনিকতাই সঁচাকৈয়ে মানুহৰ বুকুৰ পৰা মানৱতা, দয়া আৰু সহানুভূতি মোহাৰি পেলাইছে নেকি?
মোবাইল, কম্পিউটাৰ বা ছচিয়েল মিডিয়াৰ কৃত্ৰিম পৃথিৱীখনত আৱদ্ধ হৈ মানুহে বাস্তৱৰ মানুহজনৰ সুখ-দুখ বা সমাজৰ প্ৰতি থকা দায়িত্ববোধক আওকাণ কৰিবলৈ লৈছে। অৰ্থনৈতিক স্বাৰ্থ আৰু ভোগবাদী মানসিকতাই বহু সময়ত মানুহৰ মনৰ পৰা দয়া, ক্ষমা, সহনশীলতা আৰু সহানুভূতিৰ দৰে চিৰন্তন মানৱীয় গুণসমূহ নোহোৱা কৰি পেলাইছে।
অৱশ্যে, ইয়াৰ অৰ্থ এইটো নহয় যে আধুনিকতাই মানৱতাক সম্পূৰ্ণৰূপে ধবংস কৰিছে। প্ৰকৃততে, আধুনিকতা নিজেই কোনো অভিশাপ নহয়, ইয়াৰ ব্যৱহাৰহে মূল কথা। ক'ৰনা অতিমাৰীৰ দৰে সংকটকালত বা যিকোনো প্ৰাকৃতিক দুৰ্যোগৰ সময়ত এই আধুনিক প্ৰযুক্তিৰ সহায়তেই মানুহে একগোট হৈ দুৰ্গতজনক সহায় কৰা আমি দেখিছোঁ। শিক্ষা আৰু সজাগতা বৃদ্ধিৰ ফলত আজি মানুহে অন্ধবিশ্বাসৰ পৰা মুক্ত হৈ মানৱ অধিকাৰ, লিংগ সমতা আৰু সমাজৰ পিছপৰা শ্ৰেণীৰ উন্নয়নৰ বাবেও মাত মাতিবলৈ শিকিছে। গতিকে, আধুনিকতাই মানৱতা নোহোৱা কৰা নাই, বৰঞ্চ ই আমাৰ জীৱনৰ অগ্ৰাধিকাৰবোৰ সলনি কৰি দিছে। যদি আমি প্ৰযুক্তি আৰু যান্ত্ৰিকতাক আমাৰ মগজুৰ ওপৰত হাহাকাৰ কৰিবলৈ নিদিওঁ আৰু আধুনিকতাৰ মাজতো নিজৰ শিপা, সংস্কৃতি আৰু নৈতিক মূল্যবোধক সজীৱ কৰি ৰাখিব পাৰোঁ, তেন্তে আধুনিক সমাজতো মানৱতাৰ সুবাস সদায় জীয়াই থাকিব। ক' ৰনা অতিমাৰীৰ সময়ত যেতিয়া মানুহ গৃহবন্দী হৈ আছিল, তেতিয়াও এই আধুনিক বিজ্ঞানৰ সহায়তে চিকিৎসকে ৰোগীক পৰামৰ্শ দিছিল আৰু যুৱ প্ৰজন্মই ম’বাইলৰ জৰিয়তে তথ্য বিনিময় কৰি অক্সিজেন বা খাদ্য সংকটত পৰা পৰিয়ালক সহায় কৰিছিল। গতিকে, আধুনিকতাই মানৱতাক সম্পূৰ্ণৰূপে ধবংস কৰা নাই। দোষ আধুনিকতাৰ বা বিজ্ঞানৰ নহয়, দোষ হৈছে ইয়াৰ ব্যৱহাৰকাৰী মানুহৰ মানসিকতাৰ। আমি যদি প্ৰযুক্তিৰ দাস হৈ পৰোঁ, তেন্তে আমাৰ ভিতৰৰ মানুহজন মৰি যাব। কিন্তু আমি যদি আধুনিক জ্ঞান-বিজ্ঞানক বুকুত সাৱটি লৈও আমাৰ পুৰণি নৈতিক মূল্যবোধ, জ্যেষ্ঠজনৰ প্ৰতি শ্ৰদ্ধা, শিশুৰ প্ৰতি মৰম আৰু আৰ্তজনৰ প্ৰতি দয়াশীল হোৱাৰ প্ৰবৃত্তিটো জীয়াই ৰাখিব পাৰোঁ, তেন্তে আধুনিক সমাজতো মানৱতাৰ এক সুন্দৰ আৰু নতুন ৰূপ প্ৰতিষ্ঠা কৰা সম্ভৱ হ’ব।