Assamese Kabita

মোৰ প্ৰেম কথা

মোৰ প্ৰেম কথা


আজিৰ পে দুইবছৰ আগোৰ কথা, সিদনাখেন আছিল বুধবাৰ, বৈহান বতৰ আছিল দে মস্ত.. আনদিনাৰ দৰে সিদনাওঁ মই ৰাজুদাৰ দোকনত গেছলু আড্ডা দিবা.. ৰাজুদাক ক'লু, "অ' ৰাজু দা, কি খেছৰা বতৰ এ, চাউং মোমো এক প্লেট দিছুন" (কিন্তু মই নু কি জানু সেই খেছৰা বতৰতুইয়ে যি মোৰ লাইফ চেঞ্জ কৰি দিবো) ।

এনেকে তাৰ পাছোত মই মোমো এক পেকেট হাতত লৈ মুখত দিম আৰ্,  এটা সৰগৰ পৰী হেন আপি ৰাজু দাক ক'লাক এনকে, "দাদা মোকো মোমো দিব চুন এক প্লেট" । তাইক দেখাৰ লগে লগে মোৰ কলজাত লাইফোত ফাৰ্ষ্ট বাৰোৰ কাৰণে প্ৰেমৰ ঘন্টা বাজি উঠছিল, তাতে সেই কুলিৰ দৰে মাতটু, কি বুলি ক'ম মানে আৰ্ মই আপোনালোকক, বুজোবা নৰু, তাৰ পাছোত মই মোমো খাবা এৰি তাইক এ কেৰা কেৰি কে চাই আছলু আৰ্.. তাইওঁ মোক চাই আছিল দক মিছা নকং, (গতে বোয়াওঁ নহয়তু মই দেখপা) অহয় ডাইৰেক্ট চাবাওঁ নৰু, লাজ-সন্মানৰ কথা আছে দক চুন.. তাৰ পাছোত তাইৰ খাৱ হ'ল মোমো, খাই উঠি পাৰ্ছতুৰ পে পইচা উঠে ৰাজুদাক দিলাক, কিন্তু তাই পইচা উইলোতে পাঁচশ টাইকা এখেন গম নাপোকে তাইৰ ভৰিৰ পাছ ফালে পৰছিল..

তাৰ  পাছোত মইওঁ সেইখেন ল'লু আৰু ভাবলু কি মোৰ প্ৰেমৰ জীৱনত এখেনে কাম দিবো, তাৰ পিছত তাই স্কুটীখেন ষ্টাৰ্ট দি অলপ দূৰ যায় পালাক, বৰষুণো কমচি আৰ্, মইওঁ আৰ দেৰি নকৰি, চুপাৰ স্প্লেণ্ডোৰ খেন ষ্টাৰ্ট দি সেখনি ৫০০ মিটাৰ মেনোৰ জাগাতে ৯০ কিমি প্ৰতি ঘন্টা স্পীডত তাইৰ ওচৰ পালু, তাইওঁ অলপ থৰক-বৰক হেন হ'। মোক দেখি, তাৰ পাছোত বাইকৰ ওপৰতে ক'লু" বোয়া নাপো যদি গাড়ী খেন ৰাখো চু অলপ" (তাই ভাবছি কিন্তু মই লাইন মাৰবা যো বুলি চো অলপ খং খং ভাব) তাই গাড়ী খেন ৰাখে ক'লাক কি, "কিয়ো এনেকে মাজ ৰাস্তাত ৰাখোইছো, কুন তুমি, লাজ নাপো নেকি এনেকে আগভেটি ধৰবা" (মই ভাবাই নাছলু বাপ্পাওঁই ইমান খং বুলি) তাৰ পিছত তাইক ক'লু মই, "আই এম চৰী, মানে তুমাৰ পাৰ্ছৰ পৰা এই ৫০০ টাইকা খেন পৰি গেইছিল, মোমো খাই পইচা দিবা উইলোতে, সেইখেনে তুমাক দিবা আইহলু ইমানোক লগি" তাৰ পিছত তাই পাৰ্ছ খুলি চাই যি, হ'য়োতো, নাই ৫০০ টাইকা খেন, তাৰ পাছোত তাই আচৰিত হেনো হ'ল অলপ লাজ পো হেনো হ'ল কিন্তু অলপ তাইৰ মনোত মোৰ প্ৰতি অলপ ভাল ভাবো আইছিল, গম পাইতো মুখ দেখলি..

তাৰ পাছোত তাই মোৰ লগত তাতেয়ে কথা পাতলাক, নাম চাম শুধলাক মোক, মইওঁ শুধলু নাম তাইৰ, তাইৰ নাম "অংকিতা", ঘৰত "মাউ" বুলি মাতে, তাৰ পাছোত তাইয়ে শুধলাক মোক "ফেচবুকত আছোনা তুমি বুলি?" মইওঁ আছু বুলি ক'লু, আৰু পাছোত লাজ লাজ কে মই শুধলু এইবুলি, " তোমাৰ WhatsApp No. টো দিবা নেকি".. তাই তিত্তে এটা হাঁহি মাৰি, নাম্বাৰতুওঁ দিলাক.. 😍

তাৰ পাছোত আমি দোটাই নিজোৰ নিজোৰ  ঘৰক আইহলু, আৰো তাৰে পাছোৰ আমি দোটাই কথা পাতলু ফোনোত, closed হ'লু, ভাল ফ্ৰেণ্ড হ'লু, লগো কৰু মাজে মাজে, মোমো-ফুচকাওঁ খুৱং, তাইওঁ মোক খুৱোই মাজে মাজে,  এটাই আনতুক বুজা হ'লু, তাইৰ চাথ দিয়া হ'লু তাৰে দুইমাহ মেন পিছত এদিন তাইক প্ৰপোজ দিলু মনৰ কথা খুলি কৈ আৰো তাইওঁ দিনত দিয়া প্ৰপোজেল তু ৰাতি Accept কৰিলে আৰু এনেদৰেই শুভাৰম্ভণি হ'ল তাইৰ আৰু মোৰ প্ৰেমৰ..

(On Someone Special's Demand, I have made this story & posted on this platform) 💓
( মই কথিত ভাষা বেছিকৈ ব্যৱহাৰ কৰোঁ, কাৰণ মোৰ আপোন ভাষা এইটো, যিসকলে বুজি নাপায় তেওঁলোকে মোক কমেন্ট অথবা ইনবক্স  কৰিব, আৰু পঢ়ি কেনে পালে জনাব ৰাইজ)
ধন্যবাদেৰে,
জনপ'ল..  ❤