সোঁৱৰণৰ অকুঁকি অধ্যায়
July 05, 2020
সোঁৱৰণৰ অকুঁকি অধ্যায়
নলবাৰী মহাবিদ্যালয় |
২০১৮ চনৰ ১ আগষ্টৰ দিনাই স্নাতক ১ম বাৰ্ষিকত ইংৰাজী বিভাগৰ ছাত্ৰী হিচাপে এবুকু সপোন লৈ ঢাপলি মেলিছিলো নলবাৰী মহাবিদ্যালয়ৰ বোকোচালৈ | দেউতাই পঢ়া মহাবিদ্যালয়খনতে পঢ়িম বুলি মনত আছিল অফুৰন্ত সুখৰ পৰিধি | সমাগত মহাৰজত জয়ন্তীৰ সময়তে কলেজত পঢ়ি থাকিম বুলি মনত আছিল এক অবৰ্ননীয় সুখ |
মহাবিদ্যালয়খনক প্ৰতিনিধিত্ব কৰাৰ সোভাগ্যৰেই তৰ্ক তথা বক্তৃতাৰ জগতখনলৈ ঢাপলি মেলিছিলোঁ | কিমানদূৰ সফল হ'ব পাৰিছো নাজানো | কিন্তু এতিয়াও যিকোনো প্ৰতিযোগিতাতেই সফলতা লাভ কৰিলেই নিজৰ নামৰ লগত নলবাৰী মহাবিদ্যালয়ৰ নামটো সংলগ্ন হোৱাটোৱে এক প্ৰশান্তি মনত দি যায় | ৰৈ থকা সপোনবোৰৰ সূত্ৰাধাৰ নলবাৰী মহাবিদ্যালয় | সকলো সময়ত আমাক সহযোগ কৰা শিক্ষাগুৰু তথা মহাবিদ্যালয় সাফল্যৰ আঁৰৰ প্ৰত্যেকজন কৰ্মকৰ্তালৈ অযুত শ্ৰদ্ধা জনাঁলো | সপোনৰ বহল পৰিধি বগাই আমি আগুৱাই যাম | প্ৰত্যেকজন শিক্ষাৰুৰ সৈতে মইও নলবাৰী মহাবিদ্যালয় আৰু উৎগতি কামনা কৰিলোঁ |
প্ৰাক স্বাধীন কালতেই শিক্ষাৰ নৱদ্বীপত স্বৰ্ণিল যাত্ৰাৰ বৰ্ণিল ইতিহাস ৰচনা কৰি নলবাৰী কলেজে আজিৰ দিনটোত ৭৫ বছৰ গৰকিলে | পাগলাপাৰৰ পোহৰৰ জ্যোতি চিৰউদয় হৈ থাকক | উদযাপন কৰিব নোৱাঁৰাৰ দুখটোহে ৰৈ গ'ল |আজি সময় আমাৰ লগত নাই , আশাকৰো পৰৱৰ্ত্তী সময়ত সময় আমাৰ লগত থাকিব আৰু অতীতত মাধুৰীৰৰ উদযাপনৰ সাক্ষী আমিও হ'ব পাৰিম |কিন্তু বৰ্তমান কৰিব একো নোৱাৰে কেৱল মাত্ৰ ক'ব পাৰো |
"হে নলবাৰী কলেজ ,
প্ৰান চঞ্চলা দিপ্তী বিলাই
চিৰযুগৰ সাক্ষী হৈ ৰোৱা |
যাৰ ছত্ৰছায়াত
লিখিত শত সহস্ৰ ইতিহাস |
সপোনৰ ধুমুহাৰে কলোৰিত |
তই হাজাৰ বছৰ থাক | "
#জয়তু নলবাৰী মহাবিদ্যালয়
#নলবাৰী মহাবিদ্যালয়