Assamese Kabita

স্নিগ্ধ জ্যোতি শিখা



     শিৰোনাম  : স্নিগ্ধ জ্যোতি শিখা :
অন্ধকাৰৰ মাজত কোন সেইয়া ?
স্নিগ্ধ জ্যোতি শিখা ,
যি জ্যোতিয়ে আতৰাই পেলালে
সমগ্ৰ এন্ধাৰ |

 ভয়ংকৰৰ ৰজা এন্ধাৰৰ
 অন্ধকাৰে ম্লান কৰি পেলাইছিল
 জগতৰ সৌন্দৰ্য  ,
তেনেতে এচাটি স্নিগ্ধ জ্যোতিয়ে
 বিনাশ কৰিলেহি
ভয়ংকৰৰ অন্য এক নাম
অসুৰৰূপী অন্ধকাৰক |
                               *  *  *




      শিৰোনাম : বাৰিষাৰ বৰষুণ :
বাৰিষাৰ বৰষুণ ধাৰাসাৰে পৰে
কোমলমতীয়া মন গহীন গধুৰ কৰে ,
ও আকাশ ,
নিদিবি তই ইমান বৰষুণ
মন মোৰ ৰাই-জাই কৰে |

উগুল থুগুল মন বিয়াকুল
    কি যে কৰো গোঁসাই ?
সাধু এটি শুনাবলৈ এইহেন বতৰত
মোৰ লগতচোন ককা-আইতাও নাই |

শুনাহে কথা
  বাৰিষাৰ বৰষুণে হেনো সেউজীয়া
  পথাৰবোৰো পানীৰে উপচাই
   ৰূপালী - ৰূপোৱালী কৰে
গুপুতে গুপুতে
   মনৰ মাজতে সেই ছবিবোৰ
   অকাঁৰ হেপাহ কৰো |
                               *  *  *





তাহানীতেই এজন অনা-অসমীয়াই, অসমীয়া চলচিত্ৰৰ সুভাৰম্ভনি কৰি গৈছিল | "ৰূপান্তৰেই  জগত সুন্দৰ কৰে "  মূলমন্ত্ৰৰে অসমৰ কলা,সংগীত তথা সাহিত্যৰ জগতত মানুহৰ বাবে কাম কৰি গৈছিল | তেওঁ অবিহনে অসমীয়া বোলছবিৰ যাত্ৰা কেতিয়াও প্ৰাৰাম্ভ নহ'লহেঁতেন | " জয়মতী"নিৰ্মানৰ সময়তেই অনাকাংক্ষিত লোকচানাৰ সন্মুখীন হোৱাৰ পাছতো তেওঁ  হাৰি যোৱা নাছিল | আৰ্থিক জুৰুলা অৱস্হাতেই ২য় খন বোলছবি "ইন্দ্ৰমালতী" নিৰ্মান কৰে | মাত্ৰ "চেটাপ্"তেই চিনেমাখন নিৰ্মান কৰি উলিয়াইছিল | অসমীয়া সাহিত্য সংস্কৃতিৰ তেজস্বী ওজা "জ্যোতিপ্ৰসাদ আগৰৱালা"দেৱক তেখেতৰ জন্ম  বাৰ্ষিকীত শ্ৰদ্ধাৰে সোঁৱৰিছোঁ |
            "সুন্দৰেই যে ফুলাৰ মন্ত্ৰ অহোৰাত্ৰি  মাতে
           সেয়েহে আজি ইমান ফুল প্ৰভাতে প্ৰভাতে |"

কৰ্ণেল সন্তোষ বাবুৰ মাতৃয়ে থোকা-থোকি মাতেৰে কেমেৰাৰ আগত কৈছে - 'আজি মই মোৰ একমাত্ৰ পুত্ৰক হেৰুৱালোঁ। দেশৰ কাৰণে জীৱন অৰ্পণ কৰা মোৰ পুত্ৰক লৈ মই গৰ্বিত।' মাতৃৰ হৃদয়েই চাগে সদায় আটাইতকৈ বেছি আঘাত পায় আৰু মাতৃৰ হৃদয়েই চাগে আটাইতকৈ বেছি দৃঢ় হয়, সবল হয়।

অলপ সময়ৰ আগতে ভাৰতীয় সেনাই নিজৰ বিবৃতি জাৰি কৰি ২০ জন সৈনিক শ্বহীদ হোৱাৰ বাতৰি নিশ্চিত কৰিছে।

পৰিস্থিতি অত্যন্ত গম্ভীৰ। ২০২০ চনৰ ১৬ জুনে হয়তো চিৰদিনৰ বাবে ভাৰত-চীনৰ সম্পৰ্ক সলনি কৰি পেলাব। চৰকাৰক প্ৰশ্ন কৰা হ'ব। চৰকাৰে উত্তৰো দিব লাগিব।

কিন্তু এয়া সেনাৰ কাষত থিয় হোৱাৰ সময়। এয়া দেশ একত্ৰিত হোৱাৰ সময়। ভাৰতীয় সেনাৰ ওপৰত আমাৰ বিশ্বাস আছে।









আমাৰ শিশু সকলে আবৃত্তি বা পাঠ কৰিলে শুনি ভাল লগা অকণি সকলৰ উপযোগী কবিতা লিখা প্ৰতিযোগিতাত যোগদানৰ অন্তিম তাৰিখ ২০ জুন।