নতুন জীৱন
May 11, 2020
প্ৰথম চাবনী
প্ৰথম বাৰ যেতিয়া তোমাক দেখিছিলো
প্ৰথম বাৰ যেতিয়া তোমাক দেখিছিলো
মই বহি আছিলো তুমি থিয় হৈ আছিলা
মই কথা কৈ আছিলো তুমি আহি
মাজত তোমাৰ কথা খিনি কৈছিলা
দুজন অচিনাকি ব্যক্তিৰ প্ৰথম
সাক্ষাৎ হৈছিল সিদিনা ||
মাঘ বিহুৰ যেতিয়া আছিল সিদিনা
প্ৰথম চাবনিত এটি প্রশ্ন উদয় হ'ল
মোৰ সন্ত চকু দুটা যেন চঞ্চল হৈ গ'ল
হৃদয় চুই যোৱা এই মুখ খনি কোন
কোন হৈ এই ব্যক্তি জন !!
নাৰী
জুবিন দাই কবিতাত কৈছে,
"নদী আৰু নাৰী একেই"
সচাকৈয়ে নদী আৰু নাৰী একেই চঞ্চল,উন্মাদিনী
নাৰীৰ হৃদয় আছে নাদীৰ নাই।
নদীৰ দৰে নাৰীও বৈ গৈছে নীৰৱে।
নদীয়ে উভতি নবয়,
নাৰীয়েও অতীতক আওৰাই থমকি নৰয়।
বৈ যায় সময়ৰ সোঁতত।
নদীৰ দৰেইৱ নাৰীৰ গভীৰতা বিশাল,
এই বিশালতাক বুজিবলৈ
অলপ সময় আৰু এখন সচাঁ হৃদয়ৰ প্ৰয়োজন।
ৰাতি পুৱাৰ ৰঙা বেলিতিৰ পোহৰতেই
আৰম্ভ হয় এগৰাকী নাৰীৰ সংঘাত পূৰ্ণ জীৱনৰ।
বহু ঘাট-প্ৰতিঘাতক নেওচি এই নাৰীয়ে
বৰ্তমান পুৰুষৰ সৈতে কান্ধত কান্ধ মিলাই
সফলতাৰ উচ্চ শিখৰত বগাইছে।
য'ত এতিয়া সকলো ফালে
নাৰীৰ সফলতাৰ প্ৰসংশাৰ জয় গান বাজিছে,
য'ত নাৰী অবিহনে এই পৃথিৱী খন
কল্পনাই কৰিব নোৱাৰি,
তাত কিন্তু এতিয়াও যেন কোনোবা খিনিত
নাৰী অবহেলিত হৈ ৰৈছে।
পূৰ্ণিমাৰ ৰং
নিশা গভীৰ হৈ আহিছে,
পূৰ্ণিমাৰ জোনৰ পোহৰে
চকুৰ পতাত চুমা যাচিছে।
চোতালৰ দূবৰিক
আকোৱালি লোৱা নিয়ৰ
জোনৰ পোহৰত দূগুণে চৰিছে।
আৰু জিলিকিছে মাথো মোৰ সপোনবোৰ,
বিষাদৰ বাধা নেওঁচি
আগুৱাই যোৱা হেঁপাহবোৰ....
জীৱন যাত্ৰাত মই অকলশৰীয়া বাটৰুৱা
হয়তো কেতিয়াবা লগ পাম...
হেঁপাহৰ ৰং সিঁচা এই জোনটিৰ পোহৰতে
জীৱন বাটৰ দ্বিতীয় জন বাটৰুৱাক....
প্ৰেম
প্ৰেম মানে অশ্লীল আবেগ নহয়
প্ৰেম মানে এতি মিথা অনুভূতি ।
প্ৰেম কোনো যৌনতা নহয়
প্ৰেম হৈচে পূৰ্নতা ।
প্ৰেম মানে শৰীৰ নহয়
প্ৰেম মানে হৃদয় ।
প্ৰেমৰ আৰ্ ত কৰা কিচুমান কামে
আপোনাক হ্মত্নেকীয়া সুখ দিব সঁচা
কিন্তু আপুনি কেতিয়াও শান্তি নাপায় ।
কোনে কৈচে প্ৰেম দুখ্ন হৃদয়ৰ
মাজত হয় , হ্য়তো নহ্য়
প্ৰেম মানেই মুক্তি ,প্ৰেম মানে মুক্ত।
প্ৰেম কোনো বাহ্যিক সৌন্দৰ্যৰ আকৰ্ষণ নহ্য়
প্ৰেম হৈচে হৃদয়ৰ মাজত অনুভুক্ত কিচুমান ভাৱনা ।
প্ৰেম্ ৰ অন্তিম পৰ্যায় মৃত্যু হ্ব নোৱাৰে
প্ৰেম যে নিজৰ মাজতে অজৰ অমৰ ।
প্ৰেম কেতিয়াও স্বাৰ্থপ্ ৰ হ্ব নোৱাৰে
প্ৰেম কেতিয়াও বিশ্বাসঘাতক হ্ব নোৱাৰে ,
প্ৰেম মনে প্ৰেমেই।
হয়তো মানুহ স্বাৰ্থপৰ বা বিশ্বাসঘাতক হ্ব পাৰে ।।
কোনে কৈচে প্ৰেম অকল মানুহৰ মাজতেই হয় ,
সৃষ্টিৰ প্ৰ্তিতো বস্তুৰ মাজত প্ৰেম নিহিত হৈ আচে ।কোনে কৈচে প্ৰেমে ধ্বংস নমাই আনে
হয়তো নহ্য় ,প্ৰেম মানে সৃষ্টি ।
ধ্বংস মাথো সৃষ্টিৰ একো একোতা নিয়ম হে ।।
প্ৰেম মানে প্ৰাপ্তি নহয়
প্ৰেম মানে ত্যাগ ।
সৌন্দৰ্যৰ বাবে কেতিয়াও প্ৰেম নহয়
প্ৰেমৰ বাবেহে সৌন্দৰ্য ।
অপেহ্মা
অপেহ্মা মাথো সেইতো দিনলৈ
জত তুমি মই আমি হৈ
সজাম এখ্ন ৰঙীন প্ৰিথিবী
নালাগে মোক আকাশৰ
জোন তৰা আনি দিবলৈ
তোমাৰ হ্ৰিদয়ৰ মাজত মৰমেৰে
ৰাখি থবা মোক চিৰদিনলৈ
প্ৰেমৰ সাগৰত মৰমৰ বথা বাই
চিৰসেউজীয়া স্মৃতিবোৰ বুকুত বান্ধি লৈ
জিবনতো কতাব পাৰিম মই
তোমাৰ কোলাত মুৰতো থৈ
সপোনবোৰ সজাম বিচৰা ধৰনে
তুমি আৰু মই ।।
গিতৰ জদুকৰ ।।
শুধাকোন্থোৰ নিবিৰ কোন্থেৰে
জিনিব বিচৰো ধৰনি ,
ৰুপকোৱৰৰ গভিৰ কন্থেৰে
জগাব বিচাৰো জননি ।
বিস্নু প্ৰ্সাদৰ উমাল কন্থেৰে
বোৱাবো বিচাৰু নদি ,
সাহিত্যৰথিৰ মধুৰ কন্থেৰে
আনিব বিচাৰো শান্তি ।
সাগৰ সংগ্মত মাতিব সুধাকন্থৈ
তেঁওৰ জিবন বিচাৰ ,
আলোক জত্ৰাত জগাব ৰুপকোৱৰে
সেমেকা লুইতৰে পাৰ ।
শুভ লগনত বিস্নু প্ৰ্সাদে
উলাহেৰে গাব গান ,
পৰ্বতেৰে গৈ সহিত্য ৰথিয়ে
জিনিব জাতিয় মান।
গিতৰ সম্ভাৰ আনিলে আপোনালোকেই
আনিলে দেশৰ সন্মান ,
জিবনত ৰ্ং দিলে আপোনলোকেই
কৰিলে জিবন সমান ।
নতুনত্তোৰ বোল লগিচে জদিও
আচে আপোনলোক জিয়াই ,
পুৰনি হলেও শুনি ভাল লাগে
আপোনলোকোৰ গিতৰ শৰাই ।
দুৱৰী
দুৱৰাৰ সেই অনাবিল স্মৃতিবোৰ
আজিও মোৰ মনত এক অনাবিল
স্মৃতি হিচাপে হৃদয়ত এক বিশেষ স্থান
পোৱাৰ দৰে উপক্ৰম হৈছে।
দুৱৰীত আমাৰ মানৱ জাতিয়ে বহুত
উপলুঙা কৰাৰ দিশে গতি কৰিছে
দুৱৰীক গছকিলে ৰাতিপুৱাৰ দোকমোকালিতে
যেনেকুৱা লাগে সেই দৃশ্য যেন সৰগৰ
কোনো এক অপেশ্বৰীক লগ পোৱা যেন লাগে
দুৱৰী ৰ পৰা আমি যি সুখ অনুভৱ কৰো
সেই সুখ নিচেই স্বাভাৱিক ধৰণৰ।
দুৱৰী নাথাকিলে আমাৰ মানৱ জাতিৰ
কোনো অস্তিত্ব নাথাকিব বুলি কব পাৰি।