নাৰী
May 13, 2020
জুবিন দাই কবিতাত কৈছে,
"নদী আৰু নাৰী একেই"
সচাকৈয়ে নদী আৰু নাৰী একেই চঞ্চল,উন্মাদিনী
নাৰীৰ হৃদয় আছে নাদীৰ নাই।
নদীৰ দৰে নাৰীও বৈ গৈছে নীৰৱে।
নদীয়ে উভতি নবয়,
নাৰীয়েও অতীতক আওৰাই থমকি নৰয়।
বৈ যায় সময়ৰ সোঁতত।
নদীৰ দৰেইৱ নাৰীৰ গভীৰতা বিশাল,
এই বিশালতাক বুজিবলৈ
অলপ সময় আৰু এখন সচাঁ হৃদয়ৰ প্ৰয়োজন।
ৰাতি পুৱাৰ ৰঙা বেলিতিৰ পোহৰতেই
আৰম্ভ হয় এগৰাকী নাৰীৰ সংঘাত পূৰ্ণ জীৱনৰ।
বহু ঘাট-প্ৰতিঘাতক নেওচি এই নাৰীয়ে
বৰ্তমান পুৰুষৰ সৈতে কান্ধত কান্ধ মিলাই
সফলতাৰ উচ্চ শিখৰত বগাইছে।
য'ত এতিয়া সকলো ফালে
নাৰীৰ সফলতাৰ প্ৰসংশাৰ জয় গান বাজিছে,
য'ত নাৰী অবিহনে এই পৃথিৱী খন
কল্পনাই কৰিব নোৱাৰি,
তাত কিন্তু এতিয়াও যেন কোনোবা খিনিত
নাৰী অবহেলিত হৈ ৰৈছে।
আগতে ভাবিচিলো তুমি আচা বাবেহে চাগে মই সুখী । সময়ৰ পাকচক্ৰ চোৱাচোন , আজি তুমি অবিহনে সুখী হ'বলৈ কৰা প্ৰয়াশত মই সফল । ভাবিচিলো তুমি নথকা দিনবোৰ মোৰ বাবে পাৰ কৰাতো ক্স্তকৰ হ'ব । কিন্তু সময়ৰ গতিৰ লগে লগে চোন মই সকলো পাৰিচো । তোমাক পাহৰিবলৈ কস্তোকৰ আচিল সঁচা কিন্তু অসম্ভব নাচিল । তোমাৰ চবিবোৰ তোমাৰ স্মৃতিবোৰ মচি পেলোৱা কথিন আচিল সঁচা কিন্তু মই ইমান খিনি শক্তিশালী হৈচো যে তোমাৰ সকলো বস্তু জ্বলাই পেলাইচো । চকুৰ অশ্ৰুবোৰ সামৰি এতিয়া মই হাঁহিব শিকিচো । দুখ আচে সঁচা কিন্তু দুখতকৈ বেচি আচে যদি হৃদয়ত হ্মোভ আচে । ।
আইতা
আইতা অ' ভাগৰি পৰিচো অ' ।
আকৌ পুৰনি দিনবোৰ
ঘুৰাই দিব পাৰিবিনে বাৰু ,
নিশা তোৰ কোচত মূৰতো থৈ
আকাশৰ তৰা দেখাবিনে আৰু ।
তই কোৱা সাধু ,সাথঁৰ , কৌতুকবোৰ
আজিও মোৰ বহুত প্ৰিয় ,
সৰুতে তই বৈ দিয়া সেই অকণমানি
মেখেলা চাদৰ জোৰ আজিও মোৰ শ্ৰেয় ।
তোৰ কপি থকা হাতেৰে মোৰ
চুলিত বোলোৱা মৰমৰ বোল ,
এই যে ভাত নাখাও বুলি থেহ
পাতিলে বনাই দিও মাচৰ জোল।
গৰমৰ দিনত বিচনীৰে বিচি
শুৱাও যে তোৰ কাষত ,
মায়ে খং কৰিলে ভয়ত পেপুৱা
লাগি লুকাও যে তোৰ কোচত ।
তই আচিলি বাবেহে চাগে
মোৰ ল'ৰালি শুৱনি ,
তই নোহোৱা দিনবোৰ আজিও
মোৰ বাবে আধৰুৱা ফুলনি ।।
#প্ৰশ্ন
*******
পৃথিৱীৰ নক্সা সলাই মোহাৰিছোঁ ওঁঠৰ হাঁহিৰ ৰং
সলাইছোঁ প্ৰকৃতিৰ পুৰণি পৃষ্ঠাৰ পাত
জীৱকূলৰো থাকে নিজস্ব অভিধান
লোভৰ হাঁতোৰাৰে কৰিছোঁ হত্যা ৷
জুই জ্বলি আছে, গিলি আছোঁ শিখা
পিয়াহত প্ৰাণ দিয়া পানীয়ে প্ৰাণ লয়
বাৰিষাৰ অজুহাত লৈ
মন গ'লেই বতাহে সলাই বাট
আউল লগোৱা বতাহে কোবায় বুকুৰ বাকৰিৰ ঘাত ৷
মৰা পলসে পুতি পেলালে নদীৰ বুকু
পুতিলে জীয়া মানুহৰ চকু
অৰণ্যই কিয় মূৰ দাঙি নুঠে ?
সদ্যহতে
আমি কবৰত থিতাপি লৈ ঘৰ সাজিলোঁ
মৰি মৰি কিহৰ মায়াত জীয়াই আছোঁ ?
কিয় জীয়াই আছো
কাক সুধিম ?
***********************************************