তুমিয়েই মোৰ একমাত্ৰ ভালপোৱা
June 12, 2020
এটি প্ৰেম কাহিনী(সত্য কাহিনীৰ আধাৰত)
অলপ সময় নষ্ট কৰি পঢ়ি চালে মোৰো ভাল লাগিব
ডিজিটেল যোগ
চ'ছিয়েল মেডিয়া ইন্চট্ৰাগামত দুয়োৰে চিনাকী
ক'কায়েক-ভনীয়েক ৰ সম্বন্ধটো লাহে লাহে ভালপোৱাত পৰিণত হ'ল.......
ছোৱালীজনীও অসমীয়া ল'ৰাটোও অসমীয়া
তাইৰ উপাধি বৰা ......ল'ৰাটোৰ নাথ
গভীৰ প্ৰেম(৩বছৰ অতিক্ৰম কৰিছে মৰম,কাজিয়া,বিশ্বাস,কিছু কিছু কথাত অভিমানৰ মাজেদিয়েই) তেওঁলোকৰ ঘৰৰ ব্যৱধান প্ৰায় ৩৪ কি:মি:; দুয়ো একেখন জিলাৰেই,
৩বছৰৰ অন্তত ছোৱালীজনীৰ ঘৰত গম পালে তেওঁলোকৰ প্ৰেম কাহিনী
ঘৰত গম পোৱা পাছত বহুতো কথা বুজাই কৰি তাইক সেই ল'ৰাটোৰ লগত সম্বন্ধ নাৰাখিবলৈ প্ৰতিশ্ৰুতি দিব ক'লে ঘৰত আৰু ঘৰৰ কথামতেই তাই ৩বছৰীয়া প্ৰেম তাতেই শেষ কৰি ল'ৰাটোক তাইৰ জীৱনৰ পৰা আঁতৰি যাব ক'লে
ল'ৰাটোৱেও সাহস কৰি উপায়বিহীন হৈ তেওঁলোকৰ ভালপোৱা ঘৰত ব্যক্ত কৰিলে আৰু তাইৰ ঘৰৰ পৰা এনেকুৱা বাধা অহাৰ কথা জনালে । তাৰ অভিভাৱকেও ক'লে তাক আজিকালি এইবোৰ একো নাই(জাত-পাত)ৰ ক্ষেত্ৰত,তাই যদি তোক সঁচায়ে ভালপাই তেতিয়াহ'লে তাই যিমান অসুবিধা আহিলেও তোক মনে মনে হ'লেও কন্টেক কৰিব । ৩বছৰীয়া প্ৰেম তাই নিমিষতে শেষ কৰি দিব বুলি সি কেতিয়াও ভবা নাছিল কাৰণ ল'ৰাটোৱে তাইক লৈ এখনি সুখৰ ঘৰ সজাৰ সপোন দেখিছিল ।
ল'ৰাটোৱে বহুতো কথা বুজাই কৰি তাইক ঘূৰাই আনিব নোৱাৰিলে আৰু তাই তাক লগ নকৰাৰ কথা ক'লে । তাই তাক চ'ছিয়েল মেডিয়া( ফেচবুক, ইন্চট্ৰাগ্ৰাম , ফ'ন সকলোতে ব্লক কৰি দিলে )
সি আজিও তাইক ফ'নত মেচেজ দি দি ভাগৰি গ'ল তথাপিও তাই তাক কোনো এটা মেচেজৰ ৰিপ্লাই নিদিলে
অৱশেষত ল'ৰাটোৱে তাৰ লগৰ ল'ৰাৰ পৰা তাইৰ চ'ছিয়েল মেডিয়াৰ একাউণ্টবোৰ খুচৰি চাওঁতে তাইৰ Bio ত দেখা পালে এটা সলনি । সলনিটো হ'ল-
"কোচ ৰাজবংশী"
" অসমীয়া"
এইয়াই নেকি আজিৰ সমাজৰ অন্ধবিশ্বাসতা । যিজনী ছোৱালীৰ আজি ৩ বছৰে Bio ত লিখা আছিল "অসমীয়া" তাই এতিয়া নিজকে "কোচ বংশধ্বৰ" বুলি চিনাকী দিয়ে । ৩বছৰৰ আগতে তাই সেইবোৰ ভবা নাছিল !
আজি যদি ল'ৰাটোৰ চৰকাৰী চাকৰি থকাহেতেঁন( ল'ৰাটো যোগী) তাইৰ ঘৰৰ মানুহে কেতিয়াও এইবোৰ নকৰিলেহেতেঁন আনকি বিয়া দিবলৈ আগ্ৰহী হ'লহেতেঁন । ল'ৰাটোৱেও কোনো কুণ্ঠাবোধ নকৰাকৈ তাইৰ ঘৰলৈ গৈ অসুবিধাবোৰ আলোচনা কৰিব পাৰিলেহেতেঁন কিন্তু সিও এতিয়া উপায়বিহিন ।
লেখনিটো লিখিব গ'লে বহু দীঘলীয়া হয়,থোল-মোলকৈ আপোনালোকৰ আগত ব্যক্ত কৰিলো ||
Sachin Bharati ( অপ্তিম নাথ )