শাৰীৰিক সুস্থতা আৰু মানসিক স্বাস্থ্য
June 01, 2026
শাৰীৰিক সুস্থতা আৰু মানসিক স্বাস্থ্য
আটাইতকৈ প্ৰথম পদক্ষেপটো হৈছে নিজৰ মানসিক অৱস্থাক লৈ হীনমান্যতাত নোভোগা আৰু মনৰ ভিতৰত চলি থকা ধুমুহাজাকক স্বীকাৰ কৰা। মনৰ কথা মনতে হেঁচি ৰাখিলে অশান্তি দুগুণ বৃদ্ধি পায়,গতিকে কোনো সংকোচ নকৰি পৰিয়ালৰ মৰমৰ সদস্য, আপোনজন বা কোনো বিশ্বাসী বন্ধুৰ সৈতে মনৰ ভাববোৰ মুকলিকৈ আলোচনা কৰিব লাগে। বহু সময়ত কেৱল কথা পাতি পাতল হ’বলৈ পালেই মনৰ আধা খিনি কষ্ট নাইকিয়া হৈ পৰে। ইয়াৰ উপৰি,আমাৰ শাৰীৰিক সুস্থতাই মানসিক স্বাস্থ্যত এক ডাঙৰ প্ৰভাৱ পেলায়।
প্ৰতিদিনে পুৱা বা গধূলি অলপ সময় খোজ কঢ়া, যোগাসন, বা কিছু সময় শান্ত পৰিৱেশত বহি দীঘলকৈ উশাহ-নিশাহ লোৱাৰ (Deep Breathing) অভ্যাস কৰিলে মগজুলৈ অক্সিজেনৰ প্ৰবাহ বাঢ়ে আৰু মানসিক চাপ সৃষ্টিকাৰী হৰম’নসমূহ নিয়ন্ত্ৰিত হয়।
নিজক প্ৰিয় কামবোৰত ব্যস্ত ৰখা উচিত । যেনে-গান শুনা,কিতাপ পঢ়া,নিজৰ প্ৰিয় গানত নচা,প্ৰিয় খেল আছে যদি খেল খেলা।
শৰীৰ আৰু মন এটা আনটোৰ সৈতে জড়িত, গতিকে পুষ্টিকৰ আহাৰ গ্ৰহণ কৰা আৰু পৰ্যাপ্ত পৰিমাণে টোপনি যোৱাটো অতি দৰকাৰী।
আটাইতকৈ ডাঙৰ কথাটো হ’ল— জীৱনত দুখ, কষ্ট আৰু সমস্যা অহাটো একেবাৰে স্বাভাৱিক আৰু কোনো পৰিস্থিতিয়েই চিৰস্থায়ী নহয়। অতীতৰ ভুল বা ভৱিষ্যতৰ চিন্তাত আকুল নহৈ বৰ্তমান সময়খিনিত জীয়াই থাকিবলৈ শিকিব লাগে আৰু নিজক অলপ সময় দিব লাগে।
কিন্তু এই সকলোবোৰ প্ৰচেষ্টাৰ পিছতো যদি মানসিক অশান্তি বা হতাশা দীৰ্ঘদিন ধৰি চলি থাকে আৰু ই দৈনন্দিন জীৱনত বাধাৰ সৃষ্টি কৰে, তেন্তে ইয়াক লুকুৱাই নাৰাখি কোনো সংকোচ নকৰাকৈ এগৰাকী মানসিক চিকিৎসক (Psychiatrist) বা কাউঞ্চেলৰৰ সহায় লোৱাটোৱেই আটাইতকৈ সঠিক হব।