আজি হঠাৎ
October 25, 2020
কাইলৈৰ পৰা মই আপোনাক ভাল পাম,
আজি যে এৰাব নোৱাৰা ব্যস্ততা।
আজি হঠাৎ ,
চকা-মকাকৈ দেখিলোঁ আপোনাৰ চুলি-টাৰি,
কাইলৈ বাৰু জুখি চাম।
হয়নে দীঘল সিমান?
প্ৰেমত লাগে যিমান!
কাইলৈ, ৰাজপথত থকা আটাইতকৈ জীৰ্ণ ৰিক্সা খনত উঠি আমি ঘূৰি ফুৰিম দিয়ক!
আপুনি হয়তো জানে, জীৰ্ণতা প্ৰেমৰ অলংকাৰ।
কাইলৈ কিন্তু আপুনি Perfume নঘঁহিব, কাইলৈ
ভাল লাগিব কেৱল ৰ'দ আৰু ঘামৰ গোন্ধ। আৰু তেতিয়াহে Cold Drinks বোৰে আমাৰ ওঠ সোঁৱাব। নে আপুনি Ice-cream ভাল পায়??
কাইলৈ সুধিম দিয়ক!
কাইলৈ কিন্তু আপুনি হেৰাই নাযাব !
কৰণ আপোনাক বিচাৰিবলৈ আপোনাৰ
কোনো ঠিকনাই মোৰ ওচৰত নাই!
কাইলৈ আপোনাৰ সতে কথা পাতিম্ ,
কাইলৈ আপোনাৰ সতে চিনাকি হ'ম।
আজি যে এৰাব নোৱাৰা ব্যস্ততা!!!।
-কবি - নিলীম কুমাৰ -🙏