পিতৃ দিৱস আৰু মোৰ দেউতা :
July 05, 2020
হীৰুদাৰ কথা:
এদিনাখন এখন ইংৰাজী বাতৰিকাকতৰ সম্পাদকে হীৰুদাক বাটতে লগ পাই মাত লগালে৷ সুধিলে-“কি কৰি আছাহে আজিকালি?” উত্তৰত কবিগৰাকীয়ে ক’লে-“ উত্তৰ গুৱাহাটীৰ এখন স্কুলত চাকৰি কৰি আছোঁ৷” “কি বিষয় পঢ়াইছা?” “ ইংৰাজী”৷ “ইংৰাজী!! কি পঢ়াইছা?” সম্পাদকজনে বেঁকাকৈ সোধা প্ৰশ্নটোৰ উত্তৰত কবিয়ে ক’লে-“কিনো পঢ়াম ! আপুনি সম্পাদনা কৰা কাকতখনৰ এডিটৰিয়েলটো ছাত্ৰবোৰক শুধৰাবলৈ দিওঁ৷” সম্পাদকৰ মুখৰ মাত হৰিল৷
বি:দ্ৰ: তথ্য সংগ্ৰীহিত |
প্ৰত্যেকজন চিত্ৰশিল্পীলৈ আন্তৰিক ধন্যবাদ | আজি পুৱাৰ পৰা পোৱা প্ৰত্যেকখন ছবিয়ে ভাল লাগিছে | এক সুন্দৰ পদক্ষেপ তেওঁলোকলৈ শ্ৰদ্ধা নিবেদিছোঁ |
প্ৰত্যেকটো শিল্প এনেদৰেই সজ্জীৱিত হৈ থাকক | মৰ্যদা প্ৰাপ্যকবোৰেই পাঁওক |
ছবি বহুবছৰ অকাঁই নাই | ঘৰত থকা হ'লে কিবা এটা আঁকি ময়ো চিত্ৰশিল্পী সকলৰ বাবে উৎসৰ্গা কৰিলোহেতেঁন (সেয়া অৱশ্যে উন্নত মানদণ্ডৰ চিত্ৰশিল্প নহ'লহেঁতেন ) | যি হয় ভালৰ বাবেই হয় |
#artforpeace
সেউজীয়াবোৰৰ মাজত
নিজক ঢাকি ৰখিব নিবিচাৰো
কিন্তু কাৰোবাৰ আগত
নিতৌ ঢাকি ৰাখিব বিচাৰো
তেওঁহীনতাই দি যোৱা
কষ্টবোৰক সাৰথি
কৰি ৰচিব নোখোজো মই
আধৰুৱা প্ৰেমৰ নষ্টকাব্য |
শিল্পীৰ মৰ্যদা জীয়াই থাকোতেই দিব লাগে | মৃত্যুৰ পাছত | দিলে হব কি?? ...দুখনমান অনুষ্ঠানত সম্বৰ্ধনা যাঁচি , তত্ত্ব গধুৰ কথা লিখেলেই শিল্পীজনৰ সচাঁ প্ৰতিভাৰ মূল্য ৰৈ নাযায় | যিজন যি শিল্পকলাৰ অপ্ৰাপ্য তেওঁলোকক সেই মৰ্যদা দিয়া সমাজখনেই সমালোচনা কৰিব | অসময়ত ৰাভা এলাগী হৈছিল প্ৰাপ্যখিনি পোৱা নাছিল ট কিন্তু আজি তেওঁকলৈয়ে অসমীয়াৰ গৌৰৱ বুলি ভাষন সেই সমজুৱা সকলৰ |
কষাবোৰ তেনেকুৱাই | ভাবি চাব চোন | ভালকৈ লিখিবও নাজানো | তথাপিওঁ মনৰ কথাখিনি ক'লো | বিতৰ্ক নকৰে যেন |
#পিতৃ দিৱস আৰু মোৰ দেউতা :
দেউতা শব্দটো অনুভৱ কৰিলেই অন্তৰৰ কোনোবাখিনিত অজান আশংকাই তোলপাৰ লগাই |
নিজৰ বিফলতাত নিজক শেষ কৰিব মন যায় |
সৰুতেই কোনোবাই সুধিলে কাক বেছি ভাল পোৱা , তেতিয়াই অজানীতে দেউতা বুলি কোৱাৰ পৰা আৰম্ভ কৰি , দেউতাৰ দৰেই দেখাত একে বুলি কোৱালৈ |
ৰাতিপুৱা ৫টাৰ পৰা ৰাতি ১২ বজালৈ একমাত্ৰ আমাক অভাৱবিহীনভাৱে ৰাখিবলৈ স্কুলৰ পৰা চিউচন কৰালৈ তেওঁৰ কষ্ট | জীৱন সংগ্ৰাম |
আচলতে সৰুৰে পৰাই ছোৱালী হিচাপে বেছিয়ে স্বাধীনতা পাইছিলো দেউতাৰ পৰা (এতিয়াও) | ৰাতি ঘৰ অহাত দেৰী হলেও প্ৰশ্ন নকৰা মানুহজন | মোক চকু মুদি বিশ্বাস কৰা মনুহজন তথাপিও মই যেন নিজৰ কৰ্তব্য পালন কৰিব পৰা নাই | তাৰ পাছতো মোক একো কোৱা নাই | ৰাতিপুৱাৰ প্ৰথম চাহকাপ দেউতাই নিজ হাতেৰেই কৰি দিয়াৰ পৰা ৰাতি পঢ়ি থকা সময়ত কিবা খাবা নেকি বুলি সোধালৈ | লিখি শেষ কৰিব নোৱাৰা কথাবোৰেৰে দেউতা আৰু মোৰ সম্পৰ্ক...|
দেউতাৰ আগত কাহানিও মুখেৰে প্ৰকাশ কৰিব নোৱাৰে কথাৰে প্ৰতিজন পিতৃলৈ , বিশ্ব পিতৃ দিৱসৰ শুভকামনা |