সপোনৰ ৰদালি
May 29, 2026
"সপোনৰ ৰদালি"
যিমানেই গভীৰ নহওক কিয় আন্ধাৰ ৰাতি,
থমকি ৰৈ নাযাবা হে ভাগৰুৱা যাত্ৰী।
মেঘৰ আঁৰত যদি জোন তৰা লুকায়,
মনত ৰাখিবা, আন্ধাৰ কেতিয়াও চিৰস্থায়ী নহয়।
ধুমুহাই ভাঙি থৈ যোৱা ভগ্ন পঁজাত,
আকৌ গজালি মেলিব আশাৰ এজাক।
তথাপিও হাৰ নামানিবা, বুকুত বান্ধা আশা,
যন্ত্ৰণাৰ শেষতেই থাকে সুখৰ এক নতুন ভাষা।
চকুলোৰ বৰষুণজাক যেতিয়া অন্ত পৰিব,
দুখৰ কাঁচিয়লি ৰ’দত সুখৰ ফুল ফুলিব।
আন্ধাৰৰ পিছত পোহৰ হ’বই, এইয়া প্ৰকৃতিৰ নিয়ম,
দুখ নাহিলে নো সুখ ৰ মূল্য কেনেকে বুজিব।
পাহাৰৰ সিপাৰেও যেনেকৈ নতুন সূৰুয হাঁহে,
জীৱনৰ কঠিন বাটতো তেনেকৈয়ে সফলতা আহে।
বুকুৰ মাজত পুহি ৰাখা সপোনৰ সেই বিশ্বাস,
কাঢ়ি লব নোৱাৰে কোনেও তোমাৰ শেষ উশাহ।
আজিৰ এই ক’লা ডাৱৰ কালিলৈ থাকিব জানো?
ধৈৰ্য্যৰ অন্ততহে আমি সঁচা পোহৰক বিচাৰি পাওঁ।
আহিব আকৌ সেই সোণালী পুৱা,
য’ত হেৰাই যাব সকলো ফাঁকু আৰু ধোঁৱা।
মনৰ আকাশত চতিয়াই আশাৰ একাঁজলি,
উদয় হ’বই হ’ব... তোমাৰ "সপোনৰ ৰদালি"।