জাৱৰৰ দম নহয়
July 05, 2020
জাৱৰৰ দম নহয়, নীলপৱন বৰুৱাৰ ছবিহে...
( এটা অনুৰোধ এবাৰ পঢ়িব , অসমীয়া হিচাপে 😊 দীঘল বুলি এৰি নাযাব )
এই জীৱন ৰঙৰ জীৱন, নীলপৱন। ২১ ডিচেম্বৰ, ২০১৮। নেমকেয়াৰ চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰিছিল দীপালি বৰঠাকুৰে। দীপালি বৰঠাকুৰ আৰু নীলপৱন বৰুৱা আছিল প্ৰেমৰ পৃথিৱীত অন্য এক নাম।
বেলতলাৰ সেই ঘৰটোত এতিয়াও ফুলি আছে পদূলিত থকা চিনাকি ফুলজোপা। ভৰদুপৰিয়া আমি আগবাঢ়িলো ঘৰটোৰ দিশে।
জনশূন্য ঘৰটোৰ লোহাৰ গেটখন খুলি আমি আগবাঢ়ি যাওঁতে মুল দুৱাৰখন খোলাই আছিল। সেই বিচনাখন, যিখন বিচনাত হাঁহিমুখীয়া দীপালি বৰঠাকুৰ শুই থাকিছিল, তাত অলসভাৱে পৰি জিৰণি লৈ আছিল নীলপৱন বৰুৱা।
আমাৰ মাত শুনি তেওঁ বিচনাখনত উঠি বহিল। উদাস দৃষ্টিৰে তেওঁ চাৰিওফালে চালে। আমি তেওঁৰ সৈতে কুশল বাৰ্তা বিনিময় কৰিলো। প্ৰচণ্ড গৰমে মহানগৰী দহিছে। তেওঁক ক’লো- বৰ গৰম পৰিছে আজি।
গৰমলৈ তেওঁৰ কাণসাৰ নাই। উত্তৰ দিলে- গৰমত গৰম নপৰি ঠাণ্ডা পৰিব নেকি? তাৰপাছত তেওঁ নিভেজাল হাঁহিটো মাৰিলে।
বিচনাখনৰ ওপৰত এখন গামোচা, কাষত এখন বিচনী। পৰি আছে এটা আধা খোৱা চিগাৰেটৰ টুকুৰা। কথাবোৰ তেওঁ পাহৰে। গাটো বেয়া বুলি এবাৰ কৈছিল যদিও, পুনৰ ক’লে- ‘নাই মই ঠিকেই আছো। ইহঁত কেইজনী আছে নহয়। চলি আছো...’
‘চিগাৰেট মই এৰিব পৰা নাই। কিন্তু কমাইছো। মোৰ সৃষ্টি শেষ, আজি কালি ছবি আঁকিব নোৱাৰো। সৌবোৰ মোৰ ব্ৰাছ। তাতেই পৰি আছে। হাতত তুলিহে ল’ব পৰা নাই। এটা বয়সলৈ কিজানি সৃষ্টিশীলতা শেষ হৈ যায়।’- বিচনাখনৰ কাষতে থকা টেবুলখনত ব্ৰাছৰে ভৰি থকা টেমাটো দেখুৱাই তেওঁ ক’লে।
শিল্পীগৰাকীক চোৱাচিতা কৰে দুজনী ছোৱালীয়ে। তিনিমাহৰ পূৰ্বে আহিছে ইলি মিছং। ধেমাজিৰ মাছখোৱাত ঘৰ ইলিৰ। ৰাতি তেওঁৰ সৈতে প্ৰায়ে থাকে। নীলপৱন বৰুৱাক নিশা ভাগত আলপৈচান ধৰে ইলিয়ে।
ময়ঢল কলেজত অধ্যয়ন কৰি ডিব্ৰুগড়ত নাৰ্ছিঙৰ শিক্ষা লোৱা ইলিয়ে কিৰণজোনা সেৱা ছ’চাইটিৰ পৰা আহি নীলপৱন বৰুৱাৰ সৈতে আছেহি। প্ৰথমদিনা তেওঁ ভাবিছিল- কেনে হ’ব বা মানুহজন? এতিয়া তেওঁৰ সেই ঘৰখন নিজৰ ঘৰৰ দৰে লাগে। আৰু নীলপৱন বৰুৱাক তেওঁ ককা জ্ঞান কৰে।
দীৰ্ঘদিন ধৰি এই ঘৰখনত আছে জোনালী। সম্পূৰ্ণ নাম জোনালী কলিতা। দীপালি বৰঠাকুৰৰ লগতে নীলপৱন বৰুৱাক তেওঁ চোৱাচিতা কৰিছিল। ৭ বছৰ ধৰি এই কাম নিষ্ঠাৰে পালন কৰি আহিছে জোনালীয়ে। দীপালি বৰঠাকুৰ আৰু নীলপৱনৰ ঘৰলৈ যোৱা সকলোৱে জানে জোনালীক। নিষ্ঠাৰে এই দায়িত্ব পালন কৰা জোনালীৰ নিজৰো আছে এখন সংসাৰ।
বজাৰ সমাৰ কৰাৰ পৰা আৰম্ভ কৰি ঘৰখন চম্ভালে জোনালীয়ে। দিনৰ ভাগত তেওঁৱেই থাকে সেই ঘৰখনত। নিশা আহে ইলি। নীলপৱন বৰুৱা, জোনালী, ইলিয়ে এতিয়া এই ঘৰখনৰ সদস্য। জোনালী ঘৰত নাছিল। কিবা বিশেষ কামত ওলাই গৈছিল জোনালী। সেয়েহে নীলপৱন বৰুৱাৰ সংগী হৈ আছিল ইলি।
ককাই মোক কি কয় জানে? একদম নাতিনীয়েকৰ দৰে মৰম কৰে। কয়- তোৰ বিয়াখন ইয়াৰ পৰাই পাতিব লাগিব। ইলিৰ দীঘল চুলিবোৰৰ প্ৰশংসা কৰা নীলপৱন বৰুৱাক ইলিয়ে চিগাৰেট খালে বাধা দিয়ে।
প্ৰিয় খাদ্য বুলি তেওঁৰ একো নাই। যিয়ে বনাই দিওঁ তাকেই তেওঁ খায়। কিন্তু ঘৰৰ পৰা তেওঁ নোলায়। অকল বিচনাখনতেই তেওঁ পৰি থাকে। চোতাললৈও তেওঁ ওলাই নাযায়। বাকী একো সমস্যাই নাই। দীপালি বাইদেউৰ গানবোৰ তেওঁক কেতিয়াবা শুনাওঁ।
তেওঁৰ ঘৰৰ চৌহদতে আছে এখন আৰ্ট স্কুল। সেই স্কুলখনলৈ আহে বহু ল’ৰা-ছোৱালী। সেইখন ঠিকমতে চলি আছে বুলি নীলপৱন বৰুৱাই ক’লে। ‘মই ইয়াৰ পৰাই সকলো চাই থকো।’- বিচনাখনত বহি তেওঁ কৈছিল।
১ জুনত তেওঁৰ আছিল জন্মদিন। কিছু মানুহ আহিছিল। সকলোৱে মিলি উদযাপন কৰিছিল শিল্পী নীলপৱন বৰুৱাৰ জন্মদিন। তেওঁৰ মতে, এইবোৰনো কি? থাকিমনো কিমান দিন?
নীলপৱন বৰুৱাৰ ঘৰৰ চৌহদত থকা বিদ্যালয়খনৰ কাম-কাজ তদাৰক কৰি আহিছে দীৰ্ঘদিন ধৰি নীতিশ চন্দ্ৰ সৰকাৰে। ব্যৱসায়ৰ ব্যস্ততাৰ মাজতো দেওবাৰৰ দিনটো তেওঁ দিয়ে ইয়াত। পৰিয়ালটোৰ সহায়ৰ লাখুটি আছিল তেওঁ। নিঃস্বাৰ্থভাৱে পালন কৰিছে সেই দায়িত্ব। কোনো দিনে কৃপণালি কৰা নাই দায়িত্ব পালনত। পিতৃৰ মৰমেৰে তেওঁ নীলপৱন বৰুৱাক আকোৱালি ধৰি ৰাখিছে। এনে বহু লোক আছে যি এই নিঃসংগ মানুহজনৰ সংগী।
আমি কথা পাতি থাকোতেই সোমাই আহিছিল এজন ব্যক্তি। চোতালৰ বনবোৰ তেওঁ চফা কৰিবলৈ আহিছিল। চৌহদটোত আছে এক অনাবিল আনন্দ। হাই-উৰুমি নাই। কেৱল শান্ত আৰু নিৰ্মল বতাহজাক বলি আছে। তাৰ মাজে মাজে চৌহদত থকা গছবোৰৰ ডালত পৰি থকা চৰাইৰ কল্লোল কাণত পৰেহি।
চৌহদটোৰ আগফালে সাজি লোৱা চাংঘৰটোৰ তলৰ মজিয়াতে চলে বিদ্যালয়। তাৰ এচোকত থকা জাৱৰ যেন লগা দমটোলৈ লক্ষ্য কৰিলো।
সেই জাৱৰৰ দমৰ মাজতে চকুত পৰিল এখন বিশেষ ছবি। ভালদৰে চাই দেখিলো ছবিখনৰ তলত লিখা আছে ‘নীলপৱন’। ছবিখনৰ ফ্ৰেমটো জহি-খহি গৈছে, এৰি পৰিছে। হয়তো সেইবোৰলৈ তালৈ সদায় গৈ থকা লোকসকলৰ দৃষ্টি পৰা নাই।
কেৱল এখনেই নে, তেওঁ অঁকা বহু ছবি এইদৰে থাহ খাই আছে তাত। কোনোবাখনত ভেকুঁৰে ধৰিছে, আন কোনোবাখনৰ ফ্ৰেম এৰিছে।
এই ছবিবোৰৰ কিমান মূল্য হ’ব পাৰে সেয়া বুজা নাই আমি। বুজা নাই কলা শিল্প, সংস্কৃতিৰে জড়িত সংগঠনসমূহে। এই বয়সত তেওঁনো এই সৃষ্টিবোৰ সংৰক্ষণৰ বাবে কৰিব কি? নিজৰ দেহাটোক লৈয়ে তেওঁৰ টনা-টনি।
মন গ’লেই তেওঁ এদিন ছবি আঁকিছিল। কলাৰসী সকলক আচন্ন কৰি ৰাখিছিল।তেওঁৰ দৰে শিল্পী এগৰাকীৰ মূল্য হয়তো অসমীয়া জাতিয়েও দিব পৰা নাই। বিশ্বৰ আন প্ৰান্তৰ শিল্পীসকলৰ ছবি লাখ লাখ টকাত বিক্ৰী হয়। এখন ছবি ক্ৰয় কৰিবৰ বাবে হেতাওপৰা লাগে। কিন্তু আমাৰ ইয়াত শিল্পীৰ সৃষ্টিৰ এই গতি!
তেওঁৰ কেইখনমান ছবি তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ে সংৰক্ষণৰ ব্যৱস্থা কৰিছে। ‘মৰ্ডাণ আৰ্ট অৱ নীলপৱন বৰুৱা’ নামেৰে নামাকৰণ হ’ব লগা সেই সংগ্ৰহালয়ত থাকিব তেওঁৰ ৫৬খন ছবি। ১ অক্টোবৰ, ২০১৮ত নীলপৱন বৰুৱা আৰু কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ মাজত এই সন্দৰ্ভত এক চুক্তি হৈছিল।
চাৰমিনাৰ চিগাৰেট তেওঁৰ প্ৰিয়। সেই চিগাৰটৰ পেকেটৰ বকলাতে আঁকিছিল তেওঁ বহু ছবি। ব্যতিক্ৰমভাৱেই তেওঁ থাকি ভাল পায়। উদাস জীৱনৰ মায়াহীন ছন্দই তেওঁৰ জীৱনৰ আধাৰ। নিজৰ কথা তেওঁ নাভাবিলেই কোনো দিনে। ছবি, দীপালি এইবোৰক লৈ পাৰ কৰি দিলে সময়।
এদিন তেওঁ কৈছিল- সোণাপুৰত মোক অলপ মাটি দিয়া। মই তাৰে এটা টিলাত ছবিৰ আৰ্কাইভ বনাম। প্ৰাকৃতিক পৰিৱেশত তেওঁ এই কাম কৰিব বিচাৰিছে বলে পৰা দিনতেই । কিন্তু এনে নিৰ্জু জীৱনমুখী মানুহক গুৰুত্ব দিয়ে কোনে? সেই কথা আগনাবাঢ়িল, সেই সপোন সপোন হৈয়ে ৰ’ল।
এয়াই এতিয়া নীলপৱন বৰুৱাৰ সৃষ্টিৰাজিৰ অৱস্থা। তেওঁৰ সৃষ্টি এনেদৰেই জহিছে-খহিছে। কোনে ৰাখে সেই খবৰ? কোনে বুজি পাই তেওঁৰ শিল্পৰসীক মনৰ মূল্য? ইচ্ছা কৰা হ’লে এই সৃষ্টিয়ে বহুতৰ ঘৰৰ ড্ৰয়িং ৰূম শোৱণি কৰিলে হয়। কিন্তু তেওঁ যে ছবিক লৈ ব্যৱসায় কৰিব নাজানে।
লাখ লাখ টকা দি ছবি কিনা মানুহ এইখন অসমতে আছে। তেওঁলোকৰ বাবে বিদেশৰ নামী-অনামী চিত্ৰকৰৰ ছবিৰ মূল্য বেছি। নীলপৱন বৰুৱাৰ এই কালজয়ী সৃষ্টিৰাজিলৈ নপৰে দৃষ্টি। আনহে নালাগে। এনে বিখ্যাত চিত্ৰকৰ সকলৰ ছবি চৰকাৰে সংগ্ৰহ কৰি অতি কম টকাতে অসমৰ বিদ্যালয়, অফিচ কাৰ্যালয়ত আঁৰি সেইবোৰৰ সংৰক্ষণৰ ব্যৱস্থা কৰিব পাৰিলে হয়। অনন্ত মানুহে বুজিলে হয়- শিল্প কি?
এইবোৰ কামৰ বাবে কোনে কৰিব চিন্তা? চৰকাৰী শাসন যন্ত্ৰৰ বাবে আজিও অভাৱ সেই সদইচ্ছাৰ। মানুহজনৰ সন্মুখতেই এতিয়া এইদৰে জহিছে-খহিছে তেওঁৰ একাংশ সৃষ্টি। বেছিভাগ ছবিয়েই নষ্ট হৈছে সেই দমবোৰত থকা। এই কথাই আজি কাকো চুই যোৱা নাই। খবৰ ল’বলৈ আজৰি নাই কাৰোৱে। মিছা যদি নীলপৱন-দীপালি বৰঠাকুৰৰ ঘৰলৈ যাওঁক। স্বচক্ষে চাই আহক কেনে অৱস্থাত আছে তেনে একাংশ নীলপৱন বৰুৱাৰ দৰে শিল্পীয়ে সোণালী দিনত ভিন্ন ৰঙেৰে ব্ৰাছ তুলিকাৰে কেনভাছত অঁকা সপোন। য’ত পৰি আছে কেৱল ধূলি আৰু মলি-মাকতি।
কোনে বুজিব? অসমৰ দৰে ঠাইত তেওঁলোকৰ দৰে শিল্পী জন্ম হোৱাটোৱেই ভুল আছিল কিজানি। এইদৰে জহি-খহি যোৱা এই চিত্ৰবোৰৰ মূল্য বুজিব পৰা লোক আছে কেইজন?
ছবি, প্ৰেম আৰু সৰলতাৰে জীৱনক আগুৱাই নিয়া এই শিল্পীগৰাকীৰ এখনকৈ ছবি নিজ ঘৰত সযতনে সাচি থ’ব পৰা কেইজনমান অসমীয়াৰ অভাৱ আজি।
Copied