Assamese Kabita

প্ৰেম অবিহনে

 প্ৰেম অবিহনে




প্ৰেম অবিহনে কি জীবন হ'ব নোৱাৰে নেকি ? কিয় মানুহে প্ৰেমৰ বাবে হাহাকাৰ কৰি আচে যত সকলোৱে জানেই যে , ভগবানে যাৰ লগত বান্ধিব খুজে তেঁ‌ওহে কপালত থাকে । কিয় মানুহে ভাবে যে প্ৰেমত নিজকে শেষ কৰি দিলেহে সঁ‌চা প্ৰেমৰ পৰিচয় দিয়া হয় । মই ভবাত জীবনত অকল প্ৰেম  নহয় প্ৰেমৰ উপৰিও বহুত আচে , এবাৰলৈ এই অধ্যায়তোৰ পৰা বাহিৰলৈ ওলায় আহিতো চোৱা এনেকুৱা জিৱনত বহুত পোৱা যায় যিতো প্ৰেমতকৈ বহু বেচি গুনে মূল্যবান । প্ৰেম নহয় struggle কৰিব শিকা , প্ৰেম নহয় hard working  কৰিবলৈ শিকা । মই ভবাত ভালপোৱা মাথো এতি অনুভূতি । আহে সকলোৰে জীবনলে এই অনুভূতি ।  কিন্তু প্ৰেম মানেই যে তুমি সমস্ত বাদ দি অকল এখ্ন কাল্পনিক পৃথিৱীত সোমাই পৰিবা সেয়া নহয় । ইয়াৰ পৰা হ্মতি  কিন্তু তোমাৰেই হ'ব । আঘাত কিন্তু তুমিয়েই পাবা । 
            মই ভাবু মানুহে মানুহৰ সৈতে প্ৰেম কৰাতকৈ প্ৰ্কৃতিৰ সৈতে প্ৰেম কৰা উচিত । প্ৰকৃতিয়ে জীবনত কোনোদিন ধ্বংস নমাই নানে । মই ভবাত প্ৰ্কৃতিৰ লগত গঢ়া প্ৰেম আতাইতকৈ বেচি মধুৰ । এই প্ৰেম্ ৰ আমেজ এ সুকীয়া । প্ৰ্কৃতিৰ প্ৰেমত আত্মহাৰা হৈ নিজকে প্ৰ্কৃতিৰ লগত এবাৰ বিলীন কৰিতো চোৱা । চাবা তোমাৰ সমান সুখী চাগে আন কোনো ন'হব । আনহাতে প্ৰ্কৃতি প্ৰেমী এজনে কেতিয়াও আঘাত পাব লগা নহয় । কেতিয়াও প্ৰ্তাৰিত হব লগা নহয় । সেয়ে সৃষ্টিশীলতাত বিশ্বাস কৰা ধ্বংসত নহয় ।  মানৱতাক আপোন কৰা প্ৰ্তাৰনাক নহয় ।
            আজি হয়তো কোনোৱা সফ্ ল প্ৰেমিক বা প্ৰেমিকাই ইয়াক অৱজ্ঞা কৰিব কিন্তু যদি পৃথিৱীত তুমি বিচাৰি চোৱা তেনেহ'লে সফল প্ৰেম কাহিনী  তেনেই তাকৰীয় । 
            প্ৰেমৰ বাবে অপেহ্মা নহয় প্ৰেমক তোমাৰ বাবে অপেহ্মা কৰোৱা । এই যে কয় নহয়  - ৰূপে নো কি কৰে গুনে হে সংসাৰ তৰে ।
             প্ৰেম ৰ ঐতিহাসিক সাহ্মী বহুত আচে । কিচুমান সফ্ ল প্ৰেম কাহিনী ইতিহাসৰ পাতত আজিও সোনালী আখৰত জিলিকি আচে । কব্ লৈ  গলে সেয়া অতীত । বৰ্তমানৰ প্ৰেম এতিয়া ভয়ংকৰ । আচে কিচুমান মন চুই যোৱা প্ৰেম কাহিনী যিবোৰ শুনি ভাল লাগে । কিন্তু কয় নহয় কিচুমান বস্তু শুনিবলৈ ভাল আচলতে কাল। মই ভবাত আজিও সঁ‌চা প্ৰেম কাহিনী কৰবাত নহয় কৰবাত জিয়ায় আচে । কিন্তু এই প্ৰেম আন সহস্ৰৰ মাজত বিচাৰি লাভ নাই এয়া হয়তো এখ্ন সঁ‌চা হৃদ্য়তহে বিচাৰি পোৱা যাব ।
          মনৰ কথা লিখিচো কিবা ভুল হলে ৰাইজে যেন হ্মমা কৰে ।